प्रधानमंत्री ने एक्स पर अलग-अलग पोस्ट में लिखा:
“गुवाहाटी में आज एयरपोर्ट की जिस टर्मिनल बिल्डिंग का उद्घाटन हुआ है, उसमें कदम रखते ही ये पता चल जाता है कि ‘विकास भी और विरासत भी’ का मंत्र कितना महत्वपूर्ण है।”
“गुवाहाटी हवाई अड्डे पर लोकप्रिय गोपीनाथ बोरदोलोई की प्रतिमा का अनावरण किया। उनका जीवन और आदर्श, साथ ही असम की प्रगति में उनका योगदान, आने वाली पीढ़ियों को निरंतर प्रेरित करता रहेगा।”
“गुवाहाटी के लिए यह एक विशेष दिन है, क्योंकि लोकप्रिय गोपीनाथ बोरदोलोई अंतर्राष्ट्रीय हवाई अड्डे को आज नया टर्मिनल भवन मिला है। यह नया टर्मिनल स्थानीय अर्थव्यवस्था को गति देगा और पर्यटन को बढ़ावा देगा। इस भवन में तकनीकी नवाचारों पर जोर देने के साथ प्रकृति और सस्टेनेबिलिटी के साथ जो तालमेल दिखाया गया है, वह भी अत्यंत सराहनीय है।”
“इस शानदार स्वागत के लिए गुवाहाटी का हृदय से आभार। इस जीवंत शहर में आना हमेशा एक सुखद अनुभव होता है।”
“আজি গুৱাহাটীত উদ্বোধন হোৱা বিমানবন্দৰৰ টাৰ্মিনেল ভৱনত ভৰি দিয়াৰ লগে লগে উপলব্ধি হয় যে ‘উন্নয়নৰ লগতে ঐতিহ্য’ৰ মন্ত্ৰটো কিমান গুৰুত্বপূৰ্ণ।”
“আজি অসমকে ধৰি সমগ্ৰ উত্তৰ-পূব ভাৰতৰ উন্নয়ন আৰু পৰ্যটনৰ এক নতুন প্ৰবেশদ্বাৰ হৈ পৰিছে। বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ গংগা বিলাস ক্ৰুজে বিশ্ব ক্ৰুজ পৰ্যটন মানচিত্ৰত উত্তৰ-পূবক প্ৰতিষ্ঠা কৰিছে।”
“অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক উন্নয়নৰ পৰা আঁতৰাই ৰাখি কংগ্ৰেছ চৰকাৰে কৰা পাপে দেশৰ নিৰাপত্তাৰ বৃহৎ ক্ষতি কৰিছিল। বিগত ১০-১১ বছৰত আমাৰ প্ৰচেষ্টাই অসমৰ সম্পদ কেৱল ইয়াৰ জনসাধাৰণৰ উপযোগীকৈ ব্যৱহাৰ কৰাটো নিশ্চিত কৰিছে।”
“গুৱাহাটী বিমানবন্দৰত আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। তেওঁৰ আদৰ্শপূৰ্ণ জীৱন আৰু অসমৰ প্ৰগতিৰ দিশত আগবঢ়োৱা অনবদ্য অৱদানে অনাগত প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি যাব।”
“গুৱাহাটীৰ বাবে আজি এক বিশেষ দিন কাৰণ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে নতুন টাৰ্মিনেল লাভ কৰিলে। এই নতুন টাৰ্মিনেলটোৱে স্থানীয় অৰ্থনীতিক উন্নীত কৰাৰ লগতে পৰ্যটনক উৎসাহিত কৰিব। প্ৰযুক্তিগত উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে প্ৰকৃতি আৰু বহনক্ষমতাৰ সৈতে সংযোগ স্থাপন কৰাটোও গভীৰভাৱে প্ৰশংসনীয়।”
“এই ব্যতিক্ৰমী আদৰণিৰ বাবে গুৱাহাটীক ধন্যবাদ। এই স্পন্দনশীল চহৰখনত উপস্থিত হৈ সদায় আনন্দিত হওঁ ৷”
